Spread the love

১ অক্টোবৰত শংকৰদেৱ কলাক্ষেত্ৰত উড়িয়া জনগোষ্ঠীৰ নুৱাখাই ভেটঘাট পৰ্ব উদযাপনৰ বিশাল আয়োজন

 

২৮ ছেপ্তেম্বৰ-

অহা পহিলা অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ,গুৱাহাটীত উড়িয়া জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ নুৱাখাই ভেটঘাট পৰ্ব কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হ’ব ৷ অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অনুস্থিত হব লগা নুৱাখাই ভেট পৰ্ব উদযাপনৰ কাৰ্যসূচী অনুসৰি পহিলা অক্টোবৰৰ পুৱা ৮-৩০ বজাত নুৱাখাই পৰ্বৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি সঞ্জীৱ তাঁতীয়ে ৷ অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি লক্ষ্মীধৰ তান্তীয়ে৷ ৯-৩০ বজাত স্মৃতি তৰ্পণ কৰিব অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰন সম্পাদক পংকজ মহানন্দে ৷ পুৱা ১০ বজাত অনুস্থিত হ’ব বিশেষ অভিনন্দন অনুস্থান ৷ আবেলি ১ বজাত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মীধৰ তান্তীৰ সভাপতিত্বত অনুস্থিত হ’ব লগা মুকলি সভাখন উদ্ধোধন কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ৷ মুকলি সভাত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ বিশিষ্ট অতিথি তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকাৰ লগতে ৰাজ্য সভাৰ সদস্য কামাখ্যা প্ৰসাদ তাচা,সাংসদ দিলীপ শইকীয়াৰ লগতে অসম চৰকাৰ কেবাগৰাকী জেষ্ঠ মন্ত্ৰী-বিধায়ক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৷ নিজস্ব ভাষা,কলা- সংস্কৃতি,ৰীতি-নীতি,সাজ-পোছাক আৰু সাজ,খাদ্য সম্ভাৰেৰে চহকী উড়িয়া জনগোষ্ঠীৰ নুৱাখাই ভেটঘাট পৰ্বত উদযাপনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা উড়িয়া জনগোষ্ঠীৰ লোক সকলক সদলবলে অংশ গ্ৰহনৰ বাবে আহ্বান জনাইছে অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মীধৰ টান্তীয়ে আৰু সাধাৰন সম্পাদক পংকজ মহানন্দে ৷

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *