Spread the love

২০২৩-২৪ বিত্তীয় বৰ্ষত উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা আইচিএফ ৰেকৰ দহ যোৰ ৰেল এলএইচবিলৈ ৰূপান্তৰণ

যাত্ৰীৰ আৰামদায়ক যাত্ৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ

 

মালিগাওঁ, ২৪ মে, ২০২৪:

 

উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’ল যাত্ৰা অধিক সুৰক্ষিত আৰু নিৰাপদ পৰিবহনৰ পদ্ধতি হিচাপে গঢ়ি তোলাৰ বাবে অহৰহ প্ৰচেষ্টাৰ দিশত, ৰে’লত অপ্ৰত্যাশিত ঘটনা প্ৰতিহত কৰাৰ বাবে কাৰিকৰীভাৱে উন্নত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এনে এক প্ৰচেষ্টা হিচাপে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষাৰ সৈতে কোনোধৰণৰ আপোচ নকৰাকৈ উন্নত ভ্ৰমণ আৰু আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ ৰেলৰ আইচিএফ ডবাসমূহ লিংকে হফমান বুছ (এলএইচবি) ডবালৈ ৰূপান্তৰিত কৰিছে। এই ডবাসমূহত অগ্নি আৰু ধোঁৱা চিনাক্তকৰণ প্ৰণালী (এফএছডিএছ), অগ্নি চিনাক্তকৰণ আৰু প্ৰশমন প্ৰণালী (এফডিএছএছ)ৰ লগতে এচপায়াৰেচন টাইপ স্মোক ডিটেক্টৰ আৰু এৰোচ’ল আধাৰিত অগ্নি চিনাক্তকৰণ প্ৰণালীৰ দৰে উন্নত কাৰিকৰী প্ৰযুক্তি সংলগ্ন হৈ থাকে।

 

২০২৩-২৪ বৰ্ষৰ সময়চোৱাত, গুৰুত্বপূৰ্ণ ৰেলপথসমূহৰ মাজেৰে চলাচল কৰা ১০ যোৰ দীৰ্ঘ দূৰত্বৰ ৰেল বৰ্তমানৰ পৰম্পৰাগত ৰেকৰ সলনি এলএইচবি ৰেকলৈ ৰূপান্তৰিত কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত চলি থকা ৯৫ খন ৰেকৰ সৈতে মুঠ ৬০ খন ৰেল আধুনিক এলএইচবি ৰেকলৈ ৰূপান্তৰিত কৰা হৈছে। এই এলএইচবি ৰেকসমূহ আধুনিক হাইড্ৰলিক শ্বক এবজৰ্বাৰ আৰু উন্নত চাচপেনশ্বন প্ৰণালীৰে সজ্জিত যিয়ে প্ৰচলিত ৰেকৰ তুলনাত যাত্ৰীসকলৰ বাবে ভ্ৰমণৰ অধিক আৰাম নিশ্চিত কৰে। এলএইচবি ডবাসমূহ সংঘৰ্ষ-প্ৰতিৰোধী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হয় যাৰ ফলত দুৰ্ঘটনাৰ সময়ত প্ৰাণহানি কম হয়। প্ৰতিটো কোচত উচ্চ গতিত সুদক্ষ ব্ৰেকিং কৰাৰ বাবে “এডভান্সড নিউমেটিক ডিস্ক ব্ৰেক চিষ্টেম” থাকে।

 

বৰ্তমান, উত্তৰ পূব সীমান্ত ৰেলৱেই এলএইচবি মডেলৰ ৯১২ টা এচি ডবা আৰু ৮২২ টা শ্লীপাৰ শ্ৰেণীৰ ডবা আৰু লগতে ১২৯ খন লাগেজ ভেন আৰু ৬৭ খন পেণ্ট্ৰী কাৰ পৰিচালন কৰি আছে। ইয়াৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰেলৱেত দুযোৰ নতুন ৰেল সেৱা এলএইচবি মডেলৰ সৈতে প্ৰৱৰ্তন কৰা ৰেল নং. ১৫৯২৬/১৫৯২৫ (ডিব্ৰুগড়-দেওঘৰ-ডিব্ৰুগড়) সাপ্তাহিক এক্সপ্ৰেছ আৰু ৰেল নং. ১৫৭২৪/১৫৭২৩ (শিলিগুড়ী টাউন-যোগবানী-শিলিগুড়ী টাউন) ইণ্টাৰচিটি এক্সপ্ৰেছ।

 

ৰে’ল সুৰক্ষাৰ উন্নীতকৰণ আৰু যাত্ৰীৰ সুবিধাৰ আধুনিকীকৰণ হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু ইয়াক উন্নত কৰাৰ বাবে অবিৰতভাৱে প্ৰচেষ্টা চলাই থকা হয়। সম্পদৰ ৰক্ষণাবেক্ষণ, সুৰক্ষা প্ৰক্ৰিয়া আৰু প্ৰণালীগত ত্ৰুটিৰ দুৰ্বল এলেকা চিনাক্ত কৰাৰ বাবে আৰু দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উপায় আৰু দিশ প্ৰদান কৰাৰ লক্ষ্যৰে নিয়মীয়া ব্যৱধানত সুৰক্ষা অডিট/নিৰীক্ষণ কৰা হয়। ভাৰতীয় ৰে’লৱেই ইয়াৰ যাত্ৰীসকলক বৰ্ধিত সুৰক্ষা আৰু উন্নত মানৰ আৰাম প্ৰদান কৰাৰ লক্ষ্যৰে পুৰণি আইচিএফ ডবাসমূহ এলএইচবি ডবালৈ ৰূপান্তৰ কৰাৰ অভিযান চলাই আহিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *