Spread the love

*২৬ এপ্ৰিলত তামুলপুৰ আৰু গোৰেশ্বৰত ৰাজহুৱা বন্ধ ঘোষণা*

 

*মিডিয়া চে’ল, বাক্সা নিৰ্বাচনী জিলা, মুছলপুৰ, ২৫ এপ্ৰিল, ২০২৪* : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা নিৰ্বাচনী জিলাৰ দণ্ডাধীশ কৃষ্ণা বৰুৱা, এচিএছে ২৬ এপ্ৰিলৰ দিনা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৪ নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩-তামুলপুৰ (জনজাতি) আৰু ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি, উক্ত সমষ্টি দুটাত সকলোধৰণৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, চাহ বাগান আদি বন্ধ থাকিব বুলি মুছলপুৰৰ পৰা মিডিয়া কোষৰ সহকাৰী বিষয়া বিজয় বেজবৰুৱাই জনাইছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *