Spread the love

 

 

৪ নং দৰঙ ওদালগুৰি লোক সভা সমষ্টিৰ অন্তৰ্গত ৪৪ নং গোৰেশ্বৰ বিধান সভা সমষ্টি ভিত্তিত নাওকাটাত বিজেপি, ইউপিপিএল আৰু অগপ সমৰ্থিত প্ৰাৰ্থী দীলিপ শইকীয়াৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি।

 

শুক্ৰবাৰে আবেলি নিৰ্বাচনী প্ৰচাৰ কাৰ্য পৰিচলনাৰ বাবে মুকলি কৰা হয় কাৰ্যলয়টি। নাওকাটাত চ’কত মুখ্য নিৰ্বাচনী কাৰ্যালয়টো ৰঙা ফিটা কাটি উদ্ধোধন কৰে বিটিআৰৰ ইএম উইলচন হাচদাই।

 

তেওঁ সংগ দিয়ে শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰী,গোৰেশ্বৰ সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়ো, চিএছবিৰ সদস্য কৰণ চেত্ৰী বিটিআৰৰ মনোনীত এমচীএলএ চম্পাৱতী ডেকা, UPPL নেতা প্ৰদীপ নাৰ্জাৰীৰ লগতে দলীয় বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকল উপস্থিত থাকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *