Spread the love

[ad_1]

ৱাল্ডেমাৰ টিয়ে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত এখন লটাৰী খেলত প্ৰথম পুৰস্কাৰ হিচাপে এই টকা লাভ কৰে।তেওঁ ইয়াৰে প্ৰথমে তেওঁ পত্নীলৈ পত্নীৰ প্ৰিয় তৰমুজ আৰু ফুল ক্ৰয় কৰে। তদুপৰি তেওঁ ২১ কোটি টকা ৰোগীয়া পত্নীৰ অস্ত্ৰোপচাৰৰ বাবে জমা ৰাখে।ৱাল্ডেমাৰে কিছু টকা দাতব্য সংস্থাৰ নামত দান কৰাৰো ইচ্ছা প্ৰকাশ কৰে।

ৱাল্ডেমাৰে ৭৭ বছৰ বয়সতো সক্ৰিয় জীৱনশৈলী উপভোগ কৰি ভাল পায় আৰু তেওঁ পত্নীকো সকলো সময়তে সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰে। যাৰ বাবে তেওঁ ছয় মাহ কলোৰাডো আৰু ছয় মাহ এৰিজোনাত কটাবলৈ সিদ্ধান্ত লয়।

এই সমগ্ৰ বিষয়টো ৰাজহুৱা হোৱাৰ পাছত ছ’চিয়েল মেডিয়াত ৱাল্ডেমাৰ টিক বিশ্ববাসীয়ে প্ৰশংসাৰে উপচাই পেলাইছে।পত্নী তথা সমাজৰ প্ৰতি থকা তেওঁৰ দয়বদ্ধতাক সকলোয়ে একেমুখে শলাগো লৈছে।

ৱাল্ডেমাৰ টিৰ লটাৰী জয়ৰ এই হৃদয়স্পৰ্শী কাহিনীটোৱে এই বছৰৰ আৰম্ভণিতে ভাৰতৰ আন এক উল্লেখযোগ্য কাহিনীৰ কথা মনত পেলাই দিছে। য’ত মহন্ত দ্বাৰকা দাস নামৰ এজন ৮৮ বছৰীয়া ব্যক্তিয়ে ৩৫ বছৰতকৈও অধিক সময় টিকট ক্ৰয় কৰাৰ পিছত ৫ কোটি টকাৰ লটাৰী জিকিছিল। এই ঘটনাই বহুতৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সেই সময়ত ভাৰতৰ এক বহুচৰ্চিত ঘটনা হিচাপে বিবেচিত হৈছিল।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *