Spread the love

ৰক্তদান মহান দান

আপোনাৰ এটুপাল ৰক্তই কাৰোবাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে জীৱন দান।কোনো পৰিয়ালৰ মূখৰ পৰা

হেৰাই যোৱা হাঁহিটি পূণৰ ঘূৰাই আনিব পাৰে আপোনাৰ এটুপাল ৰক্ত দানে।

    হয় আজি দেখিব পোৱা গল ঢেকীয়াজুলি বিহু বাকৰীত প্ৰায় ৫০ জনৰো অধিক ৰক্তদাতাই ৰক্ত দান কৰিবলৈ ওলাই আহে।

     ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ৰুপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আজি উদ্যোগতাই ৰক্তদান শিবিৰ আয়োজন কৰে।

   তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰঙালী বিহু সন্মিলনৰ আজিৰ ৰক্তদান কৰা কাৰ্যক সমূহ ৰাইজে সলাগ লয়।

    লখিমপুৰ মেডিকেল কলেজৰ কৰ্মচাৰী সকলৰ সহযোগত আজি ঢেকীয়াজুলি বাসী ৰাইজৰ পুৰুষ মহিলা উভয়ে ৰক্তদান কৰা দেখা যায়।

    ৰক্তদান কাৰ্যসূচীৰ পিছতে পুণৰ মৌ কুৱৰী,সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগীতা আৰম্ভ হব বুলি সমিতিৰ সাধাৰণ সম্পাদক দীপক প্ৰধানে জানিব দিয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *