Spread the love

ৰঙালী বিহু উদযাপন কৰি বৰ অসম গঢ়াৰ সপোন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ।

 

ব’হাগ মাহৰ প্ৰতিটো দিনেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীৰ আনন্দ উল্লাস।

 

সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰতো ৰঙালীৰ আনন্দত মতলীয়া প্ৰতিগৰাকী অসমীয়া।

 

তামুলপুৰত এইবাৰ ব্যতিক্ৰম ৰূপত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচশনৰ উদ্যোগত ৰঙালী বিহু।

 

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ গুৱাবাৰীস্থিত গোপীনাথ বৰদলৈৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন তামুলপুৰ জিলাৰ সহযোগ আৰু নাগ্ৰীজুলি আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন।

 

বিহুৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ কেইবাটাও জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন উক্ত ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচীত।

 

বাগৰুম্বা, গোৰ্খালী, কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য সমূহৰ উপৰিও বঙালী জনগোষ্ঠীয় নৃত্য ও প্ৰদৰ্শন কৰা হয় উক্ত কাৰ্যসূচীত।

 

বিহু, হুচৰি তথা জেং বিহু নৃত্যই ও মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল।

 

বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে এইবেলি প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰি বৰ অসম গঢ়াৰ সপোন ৰচাৰ লগতে সমন্বয়ৰ বাৰ্তা বিলাই দিলে সমগ্ৰ অসমবাসীক।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed