Spread the love

*ৰাইজলৈ তামুলপুৰ জিলা প্ৰশাসনৰ আহ্বান*

 

*তামুলপুৰ, ২৭ মে’, ২০২৪* : ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰা অনুসৰি প্ৰলয়ংকৰী ঘূৰ্ণি “ৰেমল”ৰ বাবে যি এঘাৰখন জিলাত অৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে, তাৰ ভিতৰত এখন হৈছে তামুলপুৰ জিলা। এইক্ষেত্ৰত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ২৭ আৰু ২৮ মে’ত সংশ্লিষ্ট জিলাকেইখনত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। তদুপলক্ষে তামুলপুৰ জিলা প্ৰশাসনে উক্ত সময়ছোৱাত নদীত মাছ মৰা, সাঁতোৰা, নৈৰ দাঁতিত ফটো তোলা, নৈৰ পাৰত ঘূৰা-পকা আদিৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাইছে। লগতে খেতিয়কসকলকো কৃষিকৰ্মত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আনহাতে বানৰ সময়ছোৱাত নিত্যপ্ৰয়োজনীয় সামগ্ৰী, কাপোৰ, খাদ্যবস্তু, শিক্ষাৰ্থীৰ কিতাপ-পত্ৰ আদি সযতনে মজুত ৰাখিবলৈও আহ্বান জনাইছে। যদি কোনো লোকে ধুমুহা, ধাৰাসাৰ বৰষুণ আদিৰ ফলত বিপদগ্ৰস্ত হয়, তেন্তে তেওঁলোকক ০৩৬২৪-১০০/৯৩৮৭৮৯৩৩৯৪ নম্বৰত ততালিকে যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *