Spread the love

ৰাইজিং ষ্টাৰ একাডেমি, কুমাৰীকাটাত সম্বৰ্ধনা অনুষ্ঠান।

 

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন।

 

তামুলপুৰ  ২৭ এপ্ৰিলঃ

তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত এখন অগ্ৰণী শিক্ষানুষ্ঠান ৰাইজিং ষ্টাৰ একাডেমিত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাইজিং ষ্টাৰ একাডেমি কুমাৰীকাটাৰ পৰা সুখ্যাতিৰে  উত্তীৰ্ণ ৮ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু কুমাৰীকাটাৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত এগৰাকী ছাত্ৰীক ফুলাম গামোচা, ফুলাম জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

 

উল্লেখ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কুমাৰীকাটা অঞ্চলৰ ভিতৰতে উক্ত বিদ্যালয়খনে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। তৃতীয় বাৰলৈ ধাৰাবাহিক ভাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ গৌৰৱ অক্ষুন্ন ৰাখিবলৈ সক্ষম   হোৱা বিদ্যালয়খনৰ আটাইকেইগৰাকী ছাত্ৰ- ছাত্ৰীয়ে ভাল ফলাফল দেখুওৱাৰ লগতে ৫ গৰাকী ছাত্ৰ ছাত্ৰী ডিষ্টিংচন আৰু এগৰাকী ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *