Spread the love

ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা।

 

প্ৰথমতে যৌতুক বিছাৰি না-নান অত্যাচাৰ, তাৰ পিছত হত্যা। এইবাৰ ঘটনাৰ স্থান তামুলপুৰত। অভিযোগ অনুসৰি– তামুলপুৰ জিলা সদৰৰ মটঙাচ’কৰ শান্তনু দাস নামৰ এগৰাকী যুৱকে দীৰ্ঘদিন ধৰি নিজৰ পত্নীক যৌতুক বিছাৰি নানা ধৰণৰ অত্যাচাৰ কৰি আহিছিল। অভিযোগ অনুসৰি যৌতুক বিছাৰি অত্যাচাৰ কৰাত শান্তনুৰ পৰিয়াল সম্পূৰ্ণৰূপে জড়িত হৈ আছিল। না-না ধৰণৰ অত্যাচাৰ কৰি বিছৰা ধৰণে যৌতুক দিব নোৱাৰাত অৱশেষত শান্তনুৱে পৰিয়ালৰ লগ লাগি নিজ পত্নীক হত্যা কৰে। মৃত ছোৱালী গৰাকী দুই মাহৰ গৰ্ভাৱস্থা আছিল বুলিও উল্লেখ পিতৃৰ। ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ– একেলগে দুটা প্ৰাণীক এনেদৰে হত্যাকাণ্ড সংঘটিত কৰি দুৰ্ঘটনাৰ ৰূপ দিয়ে শান্তনু তথা পৰিয়ালৰ লোকে। দুৰ্ঘটনা সংঘটিত হোৱা বুলি কেইবাদিনো মেডিকেলত ভৰ্তি কৰাই ৰাখিছিল শান্তনুৰ পত্নীক। ছোৱালীৰ অসুখীয়া দেউতাকক ছোৱালী গৰাকীক মেডিকেলত ভৰ্ত্তি কৰাওঁতে একেলগে অপাৰেচন কৰাই নিব বুলিও প্ৰলোভন দিয়াৰ অভিযোগ দুৰ্ভগীয়া ছোৱালী গৰাকীৰ পিতৃৰ। উক্ত ঘটনাক কেন্দ্ৰ কৰি ছোৱালীৰ পিতৃ বাবুল দাসে তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু নকৰাৰ অভিযোগ পিতৃৰ। উপায়ন্তৰ হৈ দুৰ্ভগীয়া পিতৃয়ে তামুলপুৰৰ আৰক্ষী অধীক্ষক সমগ্ৰ ঘটনা অবগত কৰোৱাৰ পিছত কালি গোচৰ ৰুজু কৰা বুলি উল্লেখ কৰে।

ইপিনে লম্পট শান্তনুৱে নিজ পত্নীক হত্যা কৰাৰ কিছুদিন পিছতে আন এগৰাকী ছোৱালীৰ লগত অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগত তামুলপুৰ আৰক্ষীয়ে শান্তনুক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।

শান্তনুক আৰক্ষীয়ে আটক কৰাৰ খবৰ লাভ কৰি মৃত পত্নী গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে গাঁৱবাসীয়ে তামুলপুৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্ত শান্তনুক ফাঁচি দিবলৈ দাবী উত্থাপন কৰে তথা সমগ্ৰ ঘটনাৰাজিৰ উচিত তদন্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰে। ঘটনা সন্দৰ্ভত দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি বিহি দুৰ্ভোগীয়া পৰিয়ালটোক ন্যায় দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান দুৰ্ভোগীয়া পিতৃৰ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *