Spread the love

ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ মাইলৰ খুটি ক্ষুদ্ৰ চাহ বাগিছা সমূহত একাংশ চাহ খেতিয়কে চাহ বৰ্ডৰ নীতি নিৰ্দ্দেশনাক অমান্য কৰি নিষিদ্ধ ৰাসায়নিক দ্ৰব্য আৰু কীটনাশক

 

অত্যাধিক হাৰত ব্যৱহাৰ কৰাৰ ফলশ্ৰুতিত শেহতীয়াকৈ একাংশ বটলিফ কোম্পানীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্তই উদ্বিগ্ন কৰি তুলিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ৷ বহুক্ষেত্ৰত একাংশ চাহ খেতিয়কৰ অধিক উৎপাদন আৰু লাভৰ আশাত যথে মধে ৰাসায়নিক দ্ৰব্য আৰু কীটনাশক ব্যৱহাৰ কৰি আহিছে যাৰবাবে চাহ পাতৰ গুণগত মানদণ্ড নিম্ন হোৱাৰ লগতে আন্তৰাষ্ট্ৰীয় বজাৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে ৷ চাহ ব’ৰ্ডে সময়ে সময়ে ৰাসায়নিক সাৰৰ প্ৰয়োগ আৰু কীটনাশক ব্যৱহাৰৰ নীতি নিৰ্দ্দেশনা দি আহিছে যদিও বহু চাহ খেতিয়ক আজিও সচেতন নহ’য় । ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহ ব’ৰ্ডৰ নীতি নিৰ্দ্দেশনাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্য ওদালগুৰি জিলাৰ ৰজাগড়স্থিত ৰাজাজুলি চাহ ফেক্টৰীয়ে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ পেৰী এগ্ৰো ইণ্ডাষ্ট্ৰিৰ অধিনস্থ ৰাজাজুলি চাহ ফেক্টৰীয়ে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ সধিক প্ৰয়োগৰ নীতি নিৰ্দ্দেশনা আৰু নিয়ন্ত্ৰণৰ বাবে এটা এপ মুকলি কৰে ৷ ইয়াৰদ্বাৰা নিষিদ্ধ ৰাসায়নিক দ্ৰব্য বৰ্জিত কেঁচাপাত ৰাজাজুলি ফেক্টৰীয়ে পাবলৈ সক্ষম হ’ৱ বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷ আজি ৰাজাজুলি চাহ ফেক্টৰীত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত এপটো মুকলি কৰি চাহ ব’ৰ্ডৰ সহকাৰী সঞ্চালক উমাকান্ত দেউৰীয়ে গ্ৰাম্য অৰ্থনীতি সবলত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অৱদানক প্ৰশংসা কৰি এই উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত চাহ বাগিছাত নিষিদ্ধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক আহ্বান জনাই ৷ নিজৰ ভাষণত দেউৰীয়ে লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহ ব’ৰ্ডৰ নীতি নিৰ্দ্দেশনা সমূহ মানি চলিবলৈ আহ্বান জনাই । সভাত পেৰী এগ্ৰো ইণ্ডাষ্ট্ৰিৰ জ্যেষ্ঠ মহা প্ৰৱন্ধক জ’ লুইচ , ঢেকীয়াজুলি চাহ বাগিছাৰ পৰিচালক ভূপিন্দৰ সিং , ৰাজাজুলি চাহ ফেক্টৰীৰ পৰিচালক নাগেন্দৰ সিং আৰু চাহ ব’ৰ্ডৰ উন্নয়ন বিষয়া অনুপম বেজবৰুৱা প্ৰমুখ্যে বহু সংখ্যক চাহ কোম্পানীৰ সৈতে জড়িত


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *