Spread the love

ৰাজ্যৰ চৌদিশে অব্যাহত আছে ৰঙালী বিহুৰ উখলমাখল পৰিবেশ।

ব্যতিক্ৰম নহয় তামুলপুৰৰ কচুবাৰীও।

 

বিহুৰ আনন্দত মতলীয়া সকলো। আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কচুবাৰী যুৱক সংঘৰ উদ্যোগত ৪৯ সংখ্যক ব’হাগী উৎসৱ উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি মুখ্য তোৰণ উন্মোচন, বিহু পতাকা উত্তোলন, স্মৃতি তৰ্পণ, কণ কণ লৰা ছোৱালীৰ খেল ধেমালী আদিৰে অনুষ্ঠানটো আৰম্ভ হয়। সন্ধিয়া সুকণ্ঠী গায়িকা নিৰ্মালী দাসে গীত পৰিবেশন কৰিব। সমূহ কাৰ্যসূচীতে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *