Spread the love

[ad_1]

চোৰৰ আজৱ হাতৰ বিদ্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাংগালুৰুত। ৰাতিৰ ভিতৰতে নোহোৱা হ’ল এসপ্তাহ পূৰ্বে স্থাপন কৰাৰ ১০ লাখ টকাৰ ষ্টীলৰ বাছষ্টপেজ।

কানিংহাম ৰোডত অৱস্থিত এই বাছষ্টপেজটো বাংগালুৰু মহানগৰ পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত আছিল। বাছষ্টপেজটো চুৰি হোৱাৰ এমাহৰ পিছত যোৱা ৩০ ছেপ্টেম্বৰত দাখিল কৰা হয় অভিযোগ।

বাংগালুৰুৰ বিএমটিচি বাছষ্টপেজ নিৰ্মাণৰ দায়িত্বত থকা কোম্পানী এটাৰ এগৰাকী বিষয়াই অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে চুৰিৰ গোচৰ ৰুজু কৰে।

ইয়াৰ পূৰ্বেও মাৰ্চ মাহত এইচ আৰ বি আৰ লেআউটত থকা তিনি দশক পুৰণি বাছ ষ্টেণ্ড এটা নিশাৰ ভিতৰতে নোহোৱা হৈ গৈছিল।

কল্যাণ নগৰৰ বাছ ষ্টেণ্ডটো ১৯৯০ চনত লায়ন্স ক্লাবে অনুদান আগবঢ়াইছিল বুলি অঞ্চলটোৰ বাসিন্দাসকলৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে।

এটা বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে ঠাই দিবলৈ ইয়াক ৰাতিটোৰ ভিতৰতে আঁতৰাই পেলোৱা হৈছিল। বাছষ্টপেজ অন্তৰ্ধান হোৱাৰ এনে কাণ্ড বাংগালুৰুৰ অৱশ্যে নতুন নহয়।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *