Spread the love

[ad_1]

প্ৰতিযোগিতাখনত প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰা খেলুৱৈ কেইজন ক্ৰমে নিবৃত্তি প্ৰিয়ম দত্তই ১০০ মিটাৰ ফ্ৰীষ্টাইলত সোণ, ৫০ মিটাৰ বাটাৰ ফ্লাইত ৰূপ, ৪x১০০ মিটাৰ ফ্ৰীষ্টাইল ৰীলেত সোণ আৰু ৪x১০০ মিটাৰ মেডলি ৰীলেত ৰূপৰ পদক। অন্বেষা খনিকৰে ৫০ মিটাৰ বাটাৰ ফ্লাইত সোণ, ১০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপ, ৫০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপ, ৪x১০০ মিটাৰ ফ্ৰীষ্টাইল ৰীলেত সোণ আৰু ৪x১০০ মিটাৰ মেডলি ৰীলেত ৰূপৰ পদক। ঋতৃষা শৰ্মাই ৫০ মিটাৰ ব্ৰেকষ্টোকত ব্ৰঞ্জ, ৪x১০০ ফ্ৰীষ্টাইল ৰীলেত সোণ আৰু ৪x১০০ মিটাৰ মেডলি ৰীলেত ৰূপৰ পদক। দৰ্শিতা লাহনে ৫০ মিটাৰ ব্ৰেকষ্টোকত ৰূপ, ৫০ মিটাৰ ফ্ৰীষ্টাইলত ব্ৰঞ্জ, ৪x১০০ মিটাৰ ফ্ৰীষ্টাইল ৰীলেত সোণ আৰু ৪x১০০ মিটাৰ মেডলি ৰীলেত ৰূপৰ পদক।

কিষাণু সাইলো তাঁতীয়ে ৫০ মিটাৰ ফ্ৰীষ্টাইলত সোণ আৰু ৮০০ মিটাৰ ফ্ৰীষ্টাইলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত যোৰহাট ছুইমিং ছ’চাইটিৰ খেলুৱৈয়ে এনেদৰে সফলতা অৰ্জন কৰি ছ’চাইটিৰ লগতে খেলুৱৈ সকলৰ নিজা শিক্ষানুষ্ঠানৰ সমূহলৈ গৌৰৱ কঢ়িয়াই অনাৰ উপৰিও আটাইকেইগৰাকী খেলুৱৈয়ে আগন্তুক ৰাষ্ট্ৰীয় স্কুল গেমছলৈ যোগ্যতা অৰ্জন কৰিছে বুলি যোৰহাট ছুইমিং ছ’চাইটিয়ে জনাইছে আৰু সমূহ খেলুৱৈকে ছ’চাইটিৰ সভাপতি-সম্পাদকে আন্তৰিক শুভেচ্ছা জনাইছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *