Spread the love

[ad_1]

ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ আৰ্ম ৰেষ্টলিং (আই এফ এ)ৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনত বিশ্বৰ প্ৰায় ৩০ খন দেশৰ ৭০০ ৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে। অসমৰ মৃন্ময় তালুকদাৰে প্ৰতিযোগিতাখনত ১৫ বছৰ অনূৰ্ধ্বৰ শাখাৰ ৬৩ কেজি শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।

উল্লেখ্য মৃন্ময় তালুকদাৰ ডিব্ৰুগড়ৰ নালিয়াপুৰ আজগড় আলি পথৰ ৰাজু তালুকদাৰ আৰু হিমাদ্ৰী মেধী তালুকদাৰৰ সন্তান। নৱম শ্ৰেণীৰ এই ছাত্ৰগৰাকীয়ে ডিব্ৰুগড়স্থিত স্পেৰ’ আৰ্ম ৰেষ্টলিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

যিসময়ত এছিয়ান গেমছত অসমৰ ৭ গৰাকীকৈ খেলুৱৈয়ে দেশক প্ৰতিনিধিত্ব কৰাৰ উপৰিও ভাৰতীয় মহিলা ক্ৰিকেটদলৰ সদস্য হিচাপে অসমৰ উমা ছেত্ৰীয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে সেই সময়তে মৃন্ময় তালুকদাৰে লাভ কৰা এই সফলতাই ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *