Spread the love

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তামুলপুৰৰ কেইবাখনো শিক্ষানুষ্ঠানৰ এশ শতাংশ উত্তীৰ্ণ :

তামুলপুৰ , ৯ মে :

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তামুলপুৰৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে এশ শতাংশ উত্তীৰ্ণৰে তামুলপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । প্ৰাপ্ত খবৰ অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ কলা শাখাৰ ফলাফলত কুমাৰীকাটা মৌজাৰ অগ্ৰণী শিক্ষানুষ্ঠান কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ ৷ বিদ্যালয়খনৰ অধ্যক্ষ হিতেশ বায়নে জনোৱা মতে বিদ্যালয়খনৰ ২৩২ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত এজনে ষ্টাৰ নম্বৰ সহ উত্তীৰ্ণ হৈছে আৰু ৪৬ গৰাকীয়ে প্ৰথম বিভাগ, ১১৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৬৭ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ইয়াৰে অসমীয়াত ১০ গৰাকী, ৰাজনীতি বিজ্ঞানত ১৫ গৰাকী, শিক্ষাত ২ গৰাকী, অৰ্থনীতিত ২ গৰাকী , স্বদেশ অধ্যয়নত ৩৮ গৰাকী আৰু স্বাস্থ্যত ১১ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে ৷ তামুলপুৰ জিলাৰ আন এখনি অগ্ৰণী শিক্ষানুষ্ঠান তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা আৰু বিজ্ঞান দুয়োটা শাখাতে ১০০ শতাংশ উৰ্ত্তীণ হোৱাৰ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে । বিদ্যালয়খনৰ অধ্যক্ষ বিভূতি ডেকাই জনোৱা মতে বিদ্যালয়খনৰ পৰা কলা শাখাত ২৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকী পৰীক্ষাৰ্থী সুখ্যাতিৰে উৰ্ত্তীণ হৈছে । ইয়াৰে প্ৰথম বিভাগত ১১০ গৰাকী , দ্বিতীয় বিভাগত ১১২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ১৯ গৰাকী পৰীক্ষাৰ্থী। প্ৰথম বিভাগত উৰ্ত্তীণ সকলৰ তিনিজনে লাভ কৰে ষ্টাৰ নম্বৰ। আনহাতে বিজ্ঞান শাখাত বিদ্যালয় খনৰ পৰা অৱতীৰ্ণ ৬৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হয়। ইয়াৰে ৪৪ গৰাকীয়ে প্ৰথম বিভাগত আৰু ২০ গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীণ হয়। প্ৰথম বিভাগত উৰ্ত্তীণ সকলৰ চাৰি গৰাকীয়ে লাভ কৰে ষ্টাৰ নম্বৰ। তামুলপুৰ জিলাৰ অন্তৰ্গত গুৱাবাৰীৰ গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ । বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কৃষ্ণ মোহন দাসে জনোৱা মতে বিদ্যালয়খনৰ পৰা মুঠ ২৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত । মুঠ ২৪ গৰাকীৰ ভিতৰত প্ৰথম বিভাগত ১০ গৰাকী, দ্বিতীয় বিভাগত ১২ গৰাকী আৰু তৃতীয় বিভাগত ০২ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হবলৈ সক্ষম হয় । ইয়াৰে ভূগোলত ৩ গৰাকী , অসমীয়াত ৩ গৰাকী, স্বদেশ অধ্যয়নত ৩ গৰাকী আৰু ৰাজনৈতিক বিজ্ঞানত ২ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে । তামুলপুৰৰ আন এখনি আগশাৰীৰ শিক্ষানুষ্ঠান কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰাও এশ শতাংশ উত্তীৰ্ণ হয় । বিদ্যালয়খনৰ ওৱাৰ্ডেন ৰীতা বড়োৱে জনোৱা মতে মুঠ এই বৰ্ষত ১৬ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে ৭ গৰাকীয়ে প্ৰথম বিভাগ, ৬ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩ গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ বড়ো মাতৃভাষাত ৯ গৰাকীয়ে আৰু ঐচ্ছিক বড়ো বিষয়ত ৫ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ তামুলপুৰ জিলাৰ আন এখনি অগ্ৰণী শিক্ষানুষ্ঠান মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও এশ শতাংশ উত্তীৰ্ণৰ গৌৰৱ কঢ়িয়াবলৈ সমৰ্থ হৈছে । বিদ্যালয়খনৰ অধ্যক্ষ সুনন্দ কলিতাই জনোৱা মতে বিদ্যালয়খনৰ পৰা মুঠ ১১ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে ৩ জনে দ্বিতীয় বিভাগ আৰু ৮ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয় । তামুলপুৰৰ ব্যক্তিগত খণ্ডৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান কনফিডেণ্ট একাডেমীয়ে বিজ্ঞান আৰু কলা দুয়োটা শাখাতে এশ শতাংশ উত্তীৰ্ণৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ শিক্ষানুষ্ঠানখনৰ পৰিচালন সঞ্চালক মদত ব্ৰহ্মই জনোৱা মতে শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান শাখাত ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় ৷ ইয়াৰে ১২ গৰাকীয়ে প্ৰথম বিভাগ আৰু ১৬ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় । প্ৰথম বিভাগত উত্তীৰ্ণসকলৰ ৫ গৰাকীয়ে লাভ কৰে ষ্টাৰ নম্বৰ । আনহাতে কলা শাখাত ২৫ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয় ৷ ইয়াৰে ১৫ গৰাকীয়ে প্ৰথম বিভাগ , ৮ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ প্ৰথম বিভাগত উত্তীৰ্ণসকলৰ ৬ গৰাকীয়ে লাভ কৰে ডিষ্টিংচন । তামুলপুৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বচন ৰাভাই জনোৱা মতে শিক্ষানুষ্ঠানখনৰ বাণিজ্য শাখাত এশ শতাংশ উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । মুঠ ছাত্ৰ ছাত্ৰীৰ ৩২ গৰাকী প্ৰথম বিভাগ , ৬৫ গৰাকী দ্বিতীয় বিভাগ আৰু ৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয় । ###


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *