Spread the love

BTR ৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰ বিধান সভা সমষ্টিৰ আৰু দৰং-ওদালগুৰি লোক সভা সমষ্টিত বিজেপি দলৰ প্ৰথমখন ৰাজহুৱা সভা। তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত এই বিশাল ৰাজহুৱা সভা 

 

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত এতিয়া ব্যস্ততা বাঢ়িছে শাসক বিৰোধীৰ। আজি BTR ৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰ বিধান সভা সমষ্টিৰ আৰু দৰং-ওদালগুৰি লোক সভা সমষ্টিত বিজেপি দলৰ প্ৰথমখন ৰাজহুৱা সভা। তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত এই বিশাল ৰাজহুৱা সভা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গোৰেশ্বৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰিজুলী পৰিষদীয় সমষ্টিত আজি প্ৰায় দহ সহস্ৰাধিক লোকক লৈ শক্তি প্ৰদৰ্শন কৰিলে বিজেপিয়ে । মন্ত্ৰী অজন্তা নেওগ, সাংসদ দিলীপ শইকীয়া, বিধায়ক মানৱ ডেকা, সীমান্ত শ্বেখৰসহ BJP ৰ বহু শীৰ্ষ নেতা তথা কাৰ্যবাহী সদস্য সকলে অংশগ্ৰহণ কৰে এই সভাত। সমষ্টিটোৰ প্ৰভাৰীৰ দায়িত্বত থকা সীমান্ত শ্বেখৰে ইতিমধ্যে বুথ পৰ্যায়ত অংশগ্ৰহণ কৰি বুজ লৈছে দলৰ।

আজিৰ বিজেপি দলৰ সভাত ইউ পি পি এল দলৰ তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়েও বক্তব্য ৰাখে ৷
সভাত বিজেপি মিত্ৰজোটৰ চৰকাৰৰ উন্নয়নৰ কথা উল্লেখ কৰে নেতা সকলে ৷
বিটিআৰত শান্তিৰ সমান্তৰালভাৱে উন্নয়ন সম্ভৱ হৈছে ৷
বিধায়ক মানৱ ডেকাই ৰাজহুৱা সভাতে দিলীপ শইকীয়াক আগন্তুক লোকসভা নিৰ্বাচনত ভোট দিবলৈও আহ্বান জনায়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *